উত্তৰাখণ্ডৰ তেহৰি গাৰহোৱাল জিলাত মৰ্মান্তিক ঘটনা।
নিয়ন্ত্ৰণ হেৰুৱাই যাত্ৰীবাহী বাছ দলঙৰ পৰা প্ৰায় ১০০ মিটাৰ তলৰ গভীৰ খাৱৈত বাগৰি পৰিল। ফলত কমেও ৬ গৰাকী যাত্ৰীৰ মৃত্যু হোৱাৰ লগতে ২০ গৰাকীৰো অধিক লোক গুৰুতৰভাৱে আহত হয়।।
ঘটনা সন্দৰ্ভত প্ৰশাসনিক আৰু আৰক্ষী সূত্ৰই জনোৱা অনুসৰি, মঙলবাৰে পুৱা হৰিদ্বাৰৰ পৰা চামোলী অভিমুখে গৈ আছিল যাত্ৰীবাহী বাছখন সেই সময়তে গুলাৰ বজাৰৰ ওচৰৰ দলঙৰ সমীপত হঠাৎ চালকৰ নিয়ন্ত্ৰণ হেৰুৱাই পেলায় আৰু প্ৰায় ১০০ মিটাৰ গভীৰ খাৱৈত সোমাই পৰে।
প্ৰাথমিক তথ্য অনুসৰি, দুৰ্ঘটনাৰ সময়ত বাছখনত প্ৰায় ৩০ৰ পৰা ৩৫ গৰাকী যাত্ৰী আছিল।
ইফালে দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে ব্যাসী আৰু ঢালৱালা চকীৰ পৰা ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী আৰু স্থানীয় আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ যুদ্ধকালীন তৎপৰতাৰে উদ্ধাৰ অভিযান আৰম্ভ কৰে। দুৰ্গম পাহাৰীয়া খাৱৈটোৰ পৰা এতিয়ালৈকে প্ৰায় ২০ গৰাকী আহত যাত্ৰীক উদ্ধাৰ কৰে আৰু এম্বুলেন্সৰ জৰিয়তে নিকটৱৰ্তী চিকিৎসালয়লৈ প্ৰেৰণ কৰে
বৰ্তমানলৈকে দুৰ্ঘটনাটোৰ প্ৰকৃত কাৰণ তথা নিহতসকলৰ পৰিচয় জানিব পৰা হোৱা নাই। বৰ্তমানলৈ ঘটনাস্থলীত উদ্ধাৰ অভিযান অব্যাহত আছে