দুলীয়াজান ত্ৰিপল মাৰ্ডাৰ কাণ্ডৰ দুই অভিযুক্তক গ্ৰেপ্তাৰ। আৰক্ষীৰ জালত ৰাজু দাস, অমিত দাস
জানিব পৰা মতে, ৰাজু দাসৰ সম্পৰ্কীয় ভাতৃ অমিত দাস।
উল্লেখ্য যে, সোমবাৰে দুলীয়াজানৰ কমলাবাৰীত সংঘটিত হৈছিল লোমহৰ্ষক ঘটনা। ডিব্ৰুগড় জিলাৰ দুলীয়াজানৰ কমলাবাৰীত সংঘটিত হৈছিল এই নৃশংস হত্যাকাণ্ডৰ ঘটনাটো। নিজা বাসগৃহৰ বন্ধ কোঠাৰ ভিতৰত উদ্ধাৰ হৈছিল অইল ইণ্ডিয়া লিমিটেডৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসহ একেটা পৰিয়ালৰ তিনিগৰাকী সদস্যৰ মৃতদেহ। নগাঁৱৰ পৰা ঘৰলৈ উভতি অহাৰ দিনাই পৰিয়ালটোৰ ওপৰত নামি আহিছিল এই ভয়ংকৰ বিপৰ্যয়। একেটা পৰিয়ালৰ তিনিগৰাকী সদস্যক নৃশংসভাৱে হত্যাকাণ্ডই দুলীয়াজানৰ জোকাৰি গৈছিল
নিহতসকল হ’ল অইল ইণ্ডিয়া লিমিটেডৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী চন্দ্ৰকান্ত ভূঞা, তেওঁৰ পত্নী এলিজা ভূঞা আৰু তেওঁলোকৰ কন্যা নিহাৰিকা ভূঞা।
জানিব পৰা মতে, মেধাৱী ছাত্ৰী নিহাৰিকা ভূঞাই নগাঁও জিলাত স্নাতকোত্তৰ মহলাত অধ্যয়ন কৰি আছিল। সোমবাৰে পুৱাহে পৰিয়ালটোৰ তিনিওগৰাকী সদস্য নগাঁৱৰ পৰা দুলীয়াজানৰ নিজা বাসগৃহলৈ উভতি আহিছিল। কিন্তু ঘৰলৈ উভতি অহাৰ দিনাই সন্ধিয়াৰ ভাগত সংঘটিত হয় এই ভয়ংকৰ ঘটনা।
বন্ধ কোঠাৰ ভিতৰত তিনিওগৰাকী সদস্যৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে অঞ্চলটোত সৃষ্টি হয় তীব্ৰ চাঞ্চল্য।
আৰক্ষীৰ প্ৰাথমিক তদন্তত পোহৰলৈ অহা তথ্য অনুসৰি, চন্দ্ৰকান্ত ভূঞাৰ ঘৰত বিগত প্ৰায় আঠ বছৰ ধৰি ভাড়াতীয়া হিচাপে বসবাস কৰি অহা ৰাজু দাস নামৰ যুৱকজন
ঘটনাৰ পাছতে দুয়োজনে বাসগৃহটোৰ পৰা নগদ ধন, আ-অলংকাৰ আৰু নিহত তিনিওগৰাকী সদস্যৰ ম’বাইল ফোন লৈ পলায়ন কৰা বুলি জানিব পৰা গৈছে।
ইফালে, ঘটনাৰ পূৰ্বে এটা গুৰুত্বপূৰ্ণ তথ্যও পোহৰলৈ আহিছে। চন্দ্ৰকান্ত ভূঞাৰ এগৰাকী ভাড়াতীয়া মহিলাই ষঠ পূজাৰ প্ৰসাদ দিবলৈ আহোঁতে দিনৰ প্ৰায় ১১ বজাত ৰাজু দাস আৰু আন এজন যুৱকক এটা ছাতি লৈ চন্দ্ৰকান্ত ভূঞাৰ ঘৰৰ চিৰিত দেখা পাইছিল বুলি আৰক্ষীৰ আগত প্ৰকাশ কৰিছিল।
আনহাতে, ঘৰৰ CCTV কেমেৰাৰ সংযোগ বিচ্ছিন্ন কৰাৰ পূৰ্বে ছাতি লৈ অহা এজন ব্যক্তিৰ দৃশ্য কেমেৰাত বন্দী হোৱা বুলিও জানিব পৰা গৈছে। বিগত ৭ বছৰে চন্দ্ৰকান্ত ভূঞাৰ ঘৰত ভাৰাতীয়া ৰূপে আছিল ৰাজু।