লখিমপুৰ প্ৰশাসনৰ উচ্ছেদ অভিযানৰ আজি দ্বিতীয়টো দিন। লখিমপুৰ জিলাৰ বিভিন্ন অঞ্চলৰ চৰকাৰী ভূমি, সংৰক্ষিত বনাঞ্চলৰ ভূমি দীৰ্ঘদিন ধৰি একাংশ লোকে বেদখল কৰি আহিছে । এনে বেদখলীকৃত ভূমি উদ্ধাৰৰ বাবে চৰকাৰে উচ্ছেদ অভিযান আৰম্ভ কৰিছে ।
উল্লেখ্য যে যোৱা ১৩ নৱেম্বৰত বগীনদীৰ পিজিআৰ ১ আৰু পিজিআৰ ২ত উচ্ছেদ অভিযান চলোৱা হৈছিল । এই অভিযানত ১৩২ টা পৰিয়ালক উচ্ছেদ কৰি ১৯ বিঘাৰো অধিক ভূমি মুকলি কৰা হৈছিল।।ইয়াৰে সমান্তৰালকৈ আজি পুনৰ লখিমপুৰ নগৰৰ সমীপৰ বৰবিলত পুৱাৰে পৰা উচ্ছেদ অভিযান চলিছে ।
বৰবিলত আজি ৪২ টা পৰিয়ালৰ ঘৰ-বাৰী উচ্ছেদ কৰি ১৭ বিঘা চৰকাৰী ভূমি মুক্ত কৰাৰ লক্ষ্যৰে এই অভিযান চলোৱা হৈছে ।