গৰমৰ দিন অহাৰ লগে লগে বজাৰত ভৰি পৰে ৰসাল আৰু সুস্বাদু ফল আনাৰস। কিন্তু আপুনি জানেনে যে কেৱল জিভাপানী পৰা সোৱাদৰ বাবেই নহয়, বিভিন্ন ভিটামিন আৰু খনিজ পদাৰ্থৰ ভঁৰাল এই আনাৰস প্ৰকৃততে আমাৰ শৰীৰৰ বাবে এক মহৌষধ? প্ৰচুৰ পৰিমাণে পানী উপলব্ধ হোৱা বাবে প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহৰ সময়ত আনাৰস খালে শৰীৰটোৱে তৎক্ষণাত সতেজতা আৰু কাম কৰিবলৈ শক্তি লাভ কৰে।
কি কি পুষ্টি উপাদান থাকে আনাৰসত?
আনাৰসত ভিটামিন ‘এ’, ‘বি’, ‘চি’, ‘ই’ আৰু ‘কে’ পোৱা যায়। ইয়াৰ উপৰিও ইয়াত আছে—
প্ৰ’টিন, চৰ্বি, ফাইবাৰ আৰু কাৰ্বোহাইড্ৰেট।
কেলছিয়াম, পটাছিয়াম, মেংগানিজ, ফছফৰাছ, ছেলেনিয়াম আৰু ছ’ডিয়াম।
ওমেগা ৩, ওমেগা ৬ ফেটী এচিড, তাম, আইৰণ আৰু এমাইনো এচিড।
আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল, আনাৰসত ‘ব্ৰোমিলেইন’ (Bromelain) নামৰ এবিধ বিশেষ প্ৰাকৃতিক এনজাইম থাকে, যিয়ে শৰীৰক অতিৰিক্ত প্ৰদাহ (Inflammation) বা ফুলা-বতাহৰ পৰা ৰক্ষা কৰে।
আনাৰস খোৱাৰ ৫ টা আচৰিত উপকাৰিতা:
১/ হজম শক্তি বৃদ্ধি আৰু পেটৰ সমস্যাৰ পৰা মুক্তি:
আনাৰসত থকা ব্ৰোমিলেইনে জটিল প্ৰ’টিনসমূহ সহজে ভাঙি পেলায়, যাৰ ফলত খাদ্য সুন্দৰকৈ হজম হয়। পেট ফুলা, বদহজম বা ডায়েৰিয়া সৃষ্টিকাৰী বেক্টেৰিয়াৰ পৰা ই সুৰক্ষা প্ৰদান কৰে। অন্ত্ৰৰ সমস্যা থকা লোকৰ বাবে ই অতি উপকাৰী।
২/ হাড় শক্তিশালী কৰে:
আনাৰসত প্ৰচুৰ পৰিমাণে মেংগানিজ থকা বাবে ই হাড়ৰ গাঁথনি মজবুত কৰে। নিয়মীয়াকৈ আনাৰস খালে বয়সকালে হ’ব পৰা ‘অষ্টিঅ’পৰোছিছ’ (Osteoporosis) বা হাড় ক্ষয় যোৱা ৰোগৰ সম্ভাৱনা বহুখিনি হ্ৰাস পায়।
৩/ ছালৰ উজ্জ্বলতা আৰু বয়স ধৰি ৰখাত সহায়ক:
আনাৰসত থকা ভিটামিন ‘চি’য়ে ছালৰ ‘কলাজেন’ (Collagen) বৃদ্ধিত সহায় কৰে। ইয়াৰ ফলত ছালখন মসৃণ আৰু উজ্জ্বল হোৱাৰ লগতে বয়সৰ চাপ বা বলিৰেখা সহজে পৰিব নোৱাৰে।
৪/ মাৰাত্মক ৰোগ প্ৰতিৰোধ কৰে:
উচ্চ ক্ষমতাসম্পন্ন এণ্টি-অক্সিডেণ্টযুক্ত আনাৰসে শৰীৰৰ ফ্ৰী-ৰেডিকেলছ ধ্বংস কৰে। ফলত হৃদৰোগ, হাঁপানী, বাত বিষ (Arthritis) আৰু কোলন কেন্সাৰৰ দৰে মাৰাত্মক ৰোগৰ আশংকা দূৰ হয়।
৫/ হৃদৰোগ, বৃক্ক আৰু ইউৰিক এচিড নিয়ন্ত্ৰণ:
আনাৰসত পটাছিয়াম বেছি আৰু ছ’ডিয়াম একেবাৰে কম থাকে, যিয়ে ৰক্তচাপ নিয়ন্ত্ৰণ কৰি ষ্ট্ৰ’কৰ আশংকা কমায়। তদুপৰি, ই কিডনী বা বৃক্কত পাথৰ (Kidney Stone) জমা হোৱাত বাধা দিয়ে আৰু শৰীৰৰ ক্ষতিকাৰক ইউৰিক এচিড নষ্ট কৰাত সহায় কৰে। ই প্ৰজনন ক্ষমতা বৃদ্ধিতো সহায় কৰে।
সাৱধানতা: খালী পেটত নাখাব!
বিশেষজ্ঞসকলৰ মতে, আনাৰস কেতিয়াও খালী পেটত খাব নালাগে। আহাৰ গ্ৰহণ কৰাৰ কিছু সময় পিছত আনাৰস খোৱাটোৱেই আটাইতকৈ উত্তম আৰু মংগলজনক। ইয়াৰ পিছতো যদি কাৰোবাৰ কিবা শাৰীৰিক সমস্যাই দেখা দিয়ে, তেন্তে পলম নকৰি চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।