মহানগৰীত জাল নোট প্ৰস্তুত কৰা ৩ প্ৰৱঞ্চকক গ্ৰেপ্তাৰ

গুৱাহাটীত জাল নোট প্ৰস্তুত কৰা চক্ৰৰ তিনি প্ৰৱঞ্চকক গ্ৰেপ্তাৰ

এক গোপন সূত্ৰৰ ভিত্তিত পশ্চিম আৰক্ষী জিলাৰ SOGএ চলাইছিল অভিযান

অভিযানত জাল নোটসহ হাতে লোতে গ্ৰেপ্তাৰ হয় তিনি প্ৰৱঞ্চক

তাৰ পাছতেই ধৃত তিনিওকে লৈ উত্তৰ জালুকবাৰীৰ মিলেনিয়াম গাৰ্ডেনৰ এটা ফ্লেটত চলাই অভিযান

ফ্লেটটোত বাহৰ পাতি চলাই আহিছিল জাল নোটৰ নিষিদ্ধ কাৰবাৰ

ধৃত তিনি প্ৰৱঞ্চক ক্ৰমে আন্নাছ আলী, ৰহিম মিঞা, জেহেৰুল হক

ফ্লেটটোৰ পৰা জব্দ জাল নোট, প্ৰিন্টাৰ মেচিন, জাল নোট প্ৰস্তুত বহু সামগ্ৰী

লগতে জব্দ চাৰিখনকৈ চাৰিচকীয়া বাহন, কেইবাটাও মোবাইল ফোন

ইফালে অভিযানৰ উমান পাই পলায়ন কৰিছে চক্ৰটোৰ মূল মাষ্টাৰ মাইণ্ড চাহিল

দীৰ্ঘদিন ধৰি এই চক্ৰটোৱে গুৱাহাটীত চলাই আহিছিল জাল নোটৰ কাৰবাৰ

এই ফ্লেটটোত ৫০০টকীয়া জাল নোট প্ৰস্তুত কৰি দেশৰ বিভিন্ন প্ৰান্তলৈ প্ৰেৰণ কৰে চক্ৰটোৱে

মহানগৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া

Leave a Reply

Your email address will not be published. Required fields are marked *