পাকঘৰৰ মচলাদানিটোত থকা আটাইতকৈ সাধাৰণ অথচ আটাইতকৈ প্ৰভাৱশালী সামগ্ৰীবিধ হৈছে নহৰু। পাচলিজাতীয় শস্যবিধৰ উগ্ৰ আৰু কিছু উৎকট গোন্ধৰ বাবে বহুতে ইয়াক ভাল নাপাব পাৰে, কিন্তু স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা নহৰু হৈছে এক প্ৰকাৰৰ মহৌষধ। কেৱল খাদ্যৰ সোৱাদ বৃদ্ধি কৰাই নহয়, নহৰুৱে আমাৰ শৰীৰক বহু মাৰাত্মক ৰোগৰ পৰা ৰক্ষা কৰিব পাৰে।
অৱশ্যে ঋতু অনুসৰি নহৰু গ্ৰহণৰ পৰিমাণ সলনি কৰা উচিত। যিহেতু নহৰুৰ প্ৰকৃতি কিছু গৰম, সেয়েহে শীতকালত ইয়াক অলপ অধিক মাত্ৰাত খাব পাৰি যদিও গ্ৰীষ্মকালত ইয়াৰ ব্যৱহাৰ সীমিত কৰা উচিত।
নহৰুৰ ৮ টা আচৰিত স্বাস্থ্যবৰ্ধক গুণাগুণ:
১/ শৰীৰৰ বৰ্জ্য পদাৰ্থ নিষ্কাশন:
নহৰুৰ ৰস সেৱন কৰিলে ই আমাৰ শৰীৰৰ ভিতৰত জমা হৈ থকা সকলো দূষিত বা টক্সিক পদাৰ্থ নোমৰ ছিদ্ৰৰ জৰিয়তে ঘামৰ আকাৰে বাহিৰলৈ উলিয়াই পঠিয়াই আৰু শৰীৰটো ভিতৰৰ পৰা পৰিষ্কাৰ কৰে।
২/ হৃদৰোগ আৰু হাৰ্ট এটেকৰ পৰা ৰক্ষা:
নহৰুত প্ৰচুৰ পৰিমাণে ‘ছালফাইড’ পোৱা যায়। এই উপাদানে আমাৰ শৰীৰত বেয়া কলেষ্টৰল অৰ্থাৎ এল ডি এল (LDL Cholesterol)ৰ মাত্ৰা হ্ৰাস কৰে। ফলত হৃদযন্ত্ৰৰ ধমনী ব্লকেজ হোৱাৰ পৰা বাচে আৰু হাৰ্ট এটেকৰ আশংকা বহুখিনি কমি যায়।
৩/ ডায়েবেটিছ বা মধুমেহ নিয়ন্ত্ৰণ:
মধুমেহ ৰোগীসকলৰ বাবে নহৰু অতি উপকাৰী। ই তেজত ইনচুলিনৰ পৰিমাণ বৃদ্ধি কৰাত সহায় কৰে, যাৰ ফলত তেজৰ শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত থাকে।
৪/ সংক্ৰমণৰ বিৰুদ্ধে যুঁজ (Anti-fungal):
নহৰুত ‘এলিচিন’ (Allicin) নামৰ এবিধ শক্তিশালী উপাদান থাকে। ই এবিধ প্ৰাকৃতিক এণ্টি-ফাংগল হিচাপে কাম কৰে আৰু শৰীৰত বিভিন্ন সংক্ৰমণৰ (Infection) বিৰুদ্ধে যুঁজিবলৈ প্ৰতিৰোধক ক্ষমতা বা এণ্টিবডি গঢ়ি তোলে।
৫/ ছালৰ সুৰক্ষা আৰু তেজ চলাচল সুগম কৰা:
নহৰুৱে শৰীৰৰ সামগ্ৰিক ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি কৰাৰ লগতে ৰক্তসঞ্চালন প্ৰক্ৰিয়া অতি সুগম কৰি তোলে। ই ছালৰ বিভিন্ন বিকাৰ বা ইনফেকশ্বন দূৰ কৰাতো বিশেষ ভূমিকা লয়।
৬/ চৰ্দি-কাহ আৰু জ্বৰৰ পৰা উপশম:
আমাৰ সমাজত চলি অহা এক পুৰণি ঘৰুৱা বিধান অনুসৰি, জ্বৰ বা পানীলগা হ’লে মিঠাতেল অলপ গৰম কৰি তাত কেইটামান নহৰুৰ কলি ভাজি ল’ব লাগে। এই তেল নাকত আৰু শৰীৰৰ অন্য স্থানত মালিচ কৰিলে চৰ্দি-কাহৰ পৰা তৎক্ষণাত আৰাম পোৱা যায়।
৭/ কাণৰ বিষৰ মহৌষধ:
কাণৰ বিষ হ’লে নহৰু মিহলি কৰি গৰম কৰা তেলৰ কেইটামান টোপাল কাণত দিলে বিষ নাইকিয়া হয়। নহৰুত থকা এণ্টি-অক্সিডেণ্টে কাণৰ ভিতৰৰ ক্ষতিকাৰক বেক্টেৰিয়াবোৰ ধ্বংস কৰে আৰু কাণৰ মলি সহজে বাহিৰলৈ উলিয়াই আনে।
৮/ পাচনতন্ত্ৰ শক্তিশালী কৰে:
শৰীৰৰ হজম শক্তি বৃদ্ধি কৰিবলৈ প্ৰতিদিনে আহাৰ গ্ৰহণৰ পিছত কেইটামান নহৰুৰ কলি খোৱা উচিত। বিশেষকৈ আমি যেতিয়া অধিক মাংসহাৰী বা শৰ্কৰা (Carbohydrates) জাতীয় গধুৰ ভোজন গ্ৰহণ কৰো, তেতিয়া নহৰুৱে সেই খাদ্য সহজে পচাবলৈ সহায় কৰে।