চতিয়াৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা
দুৰ্ঘটনাত অচিনাক্ত বাহনৰ খুন্দাত নিহত কৃষক দিলীপ ভূঞাসহ দুজনী গাই গৰু৷
চতিয়াৰ ভাস্কৰজ্যোতি বিদ্যাপীঠৰ সমীপত বাৰভূঞা গাঁৱৰ দিলীপ ভূঞাই পুৱা নিজৰ গাই গৰু দুজনী পথাৰত এৰাল দিবলৈ ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ পথাৰলৈ নামিবলৈ লোৱাৰ সময়তে তীব্ৰবেগী এখন অচিনাক্ত বাহনে তেওঁক গাই দুজনীৰ সৈতে মহতিয়াই নিয়ে।
ফলত দুয়োজনী গাই গৰুৰ থিতাতে মৃত্যু হয়।
ইফালে দুৰ্ঘনাত গুৰুতৰভাৱে আহত হোৱা দিলীপ ভূঞাক ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰা হয় যদিও চিকিৎসালয় পোৱাৰ পূৰ্বেই তেওঁ মৃত্যুক আঁকোৱালি লয়।
কৃষক দিলীপ ভূঞাৰ আকস্মিক মৃত্যুত বাৰভূঞা গাঁৱকে ধৰি সমগ্ৰ চতিয়া অঞ্চলত শোকৰ বন্যা বৈছে।