ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল সেনাৰ পৰিয়ালসহ ৭ জনৰ

শনিবাৰে নিশা গুজৰাটৰ কচ্ছৰ খাভদা-ভুজ ঘাইপথত শোকাৱহ পথ দুৰ্ঘটনা৷ ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ৭জন লোক ৷

উত্তৰাখণ্ডৰ পঞ্জীয়নভুক্ত বাহনখনেৰে পৰিয়ালটোৱে খাভদাৰ পৰা ভুজ অভিমুখে গৈ আছিল ৷ তেনেতে বিপৰীত দিশৰ পৰা অহা এখন ট্ৰেইলাৰৰ সৈতে মুখামুখি সংঘৰ্ষ হয় । দুৰ্ঘটনাটো ইমানেই ভয়াৱহ আছিল যে, গাড়ীখন সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰে । এই দুৰ্ঘটনাত তিনিটা শিশু, দুগৰাকী মহিলা আৰু দুজন পুৰুষসহ মুঠ সাতজন লোকৰ মৃত্যু হয় ।

শোকাবহ দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকল হৈছে সৌৰভ সিং নেগী (৩০), তেওঁৰ পত্নী সবিতা (৩০), তেওঁলোকৰ তিনিমহীয়া কন্যা শিৱিকা, ৰাজেশ সিং ৰাৱট (৩৫), ৰাজেশৰ কন্যা ৰক্ষিতা (৭), ৰিংকী গোসাঁই (৩০) আৰু তেওঁৰ চাৰিবছৰীয়া কন্যা ভামিকা বুলি চিনাক্ত কৰা হৈছে ।

তথ্য অনুসৰি, দীপাৱলীৰ বন্ধ কটাই শনিবাৰে ‘ৰাণ অৱ কচ্ছ’ ভ্ৰমণ কৰি ভুজলৈ উভতি যোৱাৰ পথত খাভদা-ভুজ ঘাইপথত দুৰ্ঘটনা সংঘটিত হয় ৷ প্ৰাথমিক তথ্য অনুসৰি, পৰিয়ালটোৰ সদস্যসকল ভাৰতীয় সেনাৰ সৈতে জড়িত বুলি জানিব পৰা গৈছে । ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে সেনা বিষয়াসকলে জি কে জেনেৰেল হাস্পতালত উপস্থিত হয় ।

Leave a Reply

Your email address will not be published. Required fields are marked *