পুখুৰীত গা ধুবলৈ গৈ নিখোজ হোৱা ছাত্ৰ নয়নমণি দাসৰ মৃতদেহ উদ্ধাৰ

পলাশবাৰীত চাঞ্চল্যকৰ ঘটনা। বৃহস্পতিবাৰে পুখুৰীত গা ধুবলৈ গৈ নিখোজ হোৱা ছাত্ৰ নয়নমণি দাসৰ মৃতদেহ উদ্ধাৰ।

আজি পলাশবাৰী বয়জ হাইস্কুলৰ পুখুৰীৰ পানী যুঁৱলিত ভাঁহি উঠে ছাত্ৰজনৰ মৃতদেহ।

উল্লেখযোগ্য যে, পলাশবাৰী নগৰ আৰক্ষী চকীৰ অন্তৰ্গত পলাশবাৰী সাতোপাৰা চাৰি নম্বৰ ৱাৰ্ড নিৱাসী আৰু পলাশবাৰীৰ বয়জ হাইস্কুলৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ নয়নমণি দাস বৃহস্পতিবাৰৰ বিয়লি সমনীয়াৰ সৈতে গা ধুবলৈ গৈ নিখোজ হৈছিল। ছাত্ৰজনে উক্ত বিদ্যালয়ৰে সপ্তম শ্ৰেণীৰ ছাত্ৰ দীপজোতি কলিতা আৰু ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ আকাশ দীপ দাসৰ সৈতে এই বিদ্যালয়খনৰে পুখুৰীত গা ধুবলৈ গৈ নিখোজ হৈছিল।

ইফালে, ঘটনাৰ পাছতে পৰিয়ালৰ লোকে ছাত্ৰ নয়নমণি দাসৰ সন্দৰ্ভত পলাশবাৰী নগৰ আৰক্ষীত এখন এজাহাৰ দাখিল কৰিছিল। আৰক্ষীয়ে তেওঁৰ দুই বন্ধু দীপজোতি আৰু আকাশ দীপক থানালৈ আনি সোধ পোছাৰ অন্তত এই বিদ্যালয়খনৰ পুখুৰীত পৰা বুলি জানিবলৈ দিয়ে।

বৃহস্পতিবাৰৰ পৰা এন ডি আৰ এফ বাহিনীৰ এটি দলে অভিযান চলায় যদিও ছাত্ৰ জনৰ কোনো শুংসূত্ৰ নাপালে। কিন্তু আজি পুৱাৰ ভাগত ছাত্ৰজনৰ মৃতদেহ উদ্ধাৰ হোৱাত পিতা নৱ দাস আৰু মাতৃ সবিতা দাস মণ্ডল শোকত ভাগি পৰিছে। লগতে বিদ্যালয়খনতো এক শোকাকূল পৰিৱেশৰ সৃষ্টি হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *