আজি মুকলি হ’ব গুৱাহাটীৰ লালগণেশ উৰণ সেতু।
সন্ধিয়া ৬ বজাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব উৰণ সেতুখন।
ড০ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ নামেৰে সেতুখনৰ নামকৰণ।
৩৭৬ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে সেতুখন।
উৰণ সেতুখনৰ দৈৰ্ঘ্য ২.৮ কিলোমিটাৰ, প্ৰস্থ ১২ মিটাৰ।
নিৰ্ধাৰিত ৩০ মাহৰ পৰিৱৰ্তে ২৬ মাহত সম্পূৰ্ণ নিৰ্মাণকাৰ্য।
উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি আৰু বিধায়ক বিজয় কুমাৰ গুপ্তা। উল্লেখ কৰা প্ৰয়োজন যে, ২০২৩-২৪ বৰ্ষৰ ৰাজ্যিক স্ব- অগ্ৰাধিকাৰ উন্নয়ন পুঁজিৰ জৰিয়তে লোকনিৰ্মাণ বিভাগে এই উৰণ সেতুখন নিৰ্মাণ কৰি উলিয়ায়।