শিৱসাগৰত সদৌ অসম ছাত্ৰ সন্থা শিৱসাগৰ জিলা সমিতিৰ প্ৰতিবাদী কাৰ্য্যসূচী।
ইন্ধনজাত সামগ্ৰী পেট্ৰল আৰু ডিজেলৰ সমান্তৰালকৈ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে সাধাৰণ ৰাইজক জুৰুলা কৰাৰ প্ৰতিবাদত শাসকীয় বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম ছাত্ৰ সন্থাই।
প্ৰতিবাদকাৰীসকলে নৰেন্দ্ৰ মোদী হায় হায়,হিমন্ত বিশ্ব শৰ্মা হায় হায়,যোগান বিভাগ হায় হায় শ্লোগানেৰে শিৱসাগৰ জিলা আছুৰ কাৰ্যালয়ৰ পৰা দ’ল মুখ চাৰিআলিলৈকে এক বৃহৎ প্ৰতিবাদী সমদল বাহিৰ কৰে।
মধ্য প্ৰাচ্যৰ যুদ্ধৰ দোহাই দি জনসাধাৰণক চৰকাৰে অৰ্থনৈতিক সংকটৰ দিশলৈ ঠেলি দিয়া কাৰ্য্য কোনোপধ্যে গ্ৰহণযোগ্য নহয় বুলি হুংকাৰ সদৌ অসম ছাত্ৰ সন্থাৰ।