শনিবাৰে নিশা বৰঘাট বাইপাছত ডাম্পাৰৰ খুন্দাত থিতাতে নিহত হৈছিল কবিতা ইংতিপি নামৰ এগৰাকী মহিলাৰ। তীব্ৰবেগী ডাম্পাৰে মহতিয়াই নিছিল সন্তানসহ দম্পতীক। সংকটজনক অৱস্থাত মহিলাগৰাকীৰ স্বামী-সন্তানক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।
দেওবাৰে পুৱা মহিলাগৰাকীৰ স্বামী মাইৰাম ছিংনাৰৰ চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। এতিয়াও মৃত্যুৰে যুঁজি আছে কণমানি সন্তানটিয়ে।
নগাঁও বৰঘাটত দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখনৰ ভয়ংকৰ তথ্য পোহৰলৈ । মৃত্যুদূতৰূপী ডাম্পাৰখনৰ নাছিল কোনো বৈধ প্ৰমাণপত্ৰ। গাড়ীখনৰ বীমাৰ ম্যাদ শেষ হোৱাৰ পাছতো নিৰ্ভীকভাৱে চলি আছিল ডাম্পাৰখন। ডাম্পাৰখনৰ গৰাকী জেহিৰুল ইছলামে অবৈধভাৱে সৰবৰাহ কৰিছিল শিল আৰু বালি।
ইয়াৰ পূৰ্বেও জেহিৰুল ইছলামৰ মালিকানাধীন ডাম্পাৰে সংঘটিত কৰিছিল কেইবাটাও দুৰ্ঘটনা।