পলাশবাৰীত সংঘটিত ভয়ংকৰ দুৰ্ঘটনাত চিৰবিদায় অৰ্ণৱৰ

পলাশবাৰীৰ বজাৰাপাৰাত শোকাৱহ পথ দুৰ্ঘটনা। দুখন বাইকৰ মুখামুখি সংঘৰ্ষ।

নিশা প্ৰায় দুই বজাত পলাশবাৰী থানাৰ অন্তৰ্গত বজাৰাপাৰাত মিৰ্জা-পলাশবাৰী পথত সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনাটো। দুৰ্ঘটনাত তিনিজন যুৱকৰ থিতাতে মৃত্যু হয়। আনহাতে, আন দুজনক সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসালয়ত মৃত্যুক আকোৱালি লয় যুৱকজনে।

জানিব পৰা মতে, দুখন মটৰ চাইকেলৰ এখনত দুজন আৰু আন এখনত তিনিজন যুৱকে বিপৰীত দিশৰ পৰা আহি আছিল। বৰষুণৰ মাজতে তীব্ৰ বেগত মুখামুখি সংঘৰ্ষ হয় বাইক দুখনৰ। ফলত ৰাজপথতে ছিটিকি পৰে তেওঁলোক। কিছুসময় পাছত পলাশবাৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মিৰ্জাৰ চিকিৎসালয়লৈ লৈ আহে যদিও চিকিৎসকে তিনিজনক মৃত ঘোষণা কৰে। সংকটজনক অৱস্থাত দুজন যুৱকক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে। মৃত্যু হোৱা তিনিজনৰ দুজন মাজিৰগাঁৱৰ জ্যোতি কলিতা, মাগুপাৰাৰ নিখিল দাস। মৃত আন এজনৰ বৰ্তমানলৈকে পৰিচয় উদ্ধাৰ হোৱা নাই। আনহাতে চিকিৎসালয়ত মৃত্যুক আকোৱালি লয় অৰ্ণৱ বৰ্মন।নামৰ যুৱজনে

Leave a Reply

Your email address will not be published. Required fields are marked *