দেশজুৰি চাইবাৰ অপৰাধীৰ বিৰুদ্ধে CBI ৰ বৃহৎ অভিযান

দেশজুৰি চাইবাৰ অপৰাধীৰ বিৰুদ্ধে চিবিআইৰ বৃহৎ অভিযান ।বৃহস্পতিবাৰে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে ১৬ খন ৰাজ্যৰ ৮০ টাতকৈও অধিক স্থানত চাইবাৰ অপৰাধ চক্ৰৰ বিৰুদ্ধে অভিযান চলায় ।

শ্বেল কোম্পানী আৰু ভুৱা বেংক একাউণ্টৰ জৰিয়তে চাইবাৰ অপৰাধীক ধন সৰবৰাহত সহায় কৰা দুজন লোকক চিবিআইৰ দলে গ্ৰেপ্তাৰ কৰে ।

CBI য়ে অপাৰেশ্বন চক্ৰ-৬ৰ অধীনত এই অভিযান চলায় । অভিযান চলোৱা ৰাজ্যসমূহ হৈছে ক্ৰমে অসম, পঞ্জাব, গুজৰাট, দিল্লী, মহাৰাষ্ট্ৰ, হাৰিয়ানা, তামিলনাডু, তেলেংগানা, অন্ধ্ৰ প্ৰদেশ, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, ৰাজস্থান, পশ্চিমবংগ, মণিপুৰ, কৰ্ণাটক আৰু ওড়িশা । এই ৰাজ্যবোৰত পৃথক পৃথক ৬০ টা দলে অভিযান চলায় । তদন্তকাৰী সংস্থাটোৰ মতে সমগ্ৰ দেশতে দাখিল হোৱা ডিজিটেল জালিয়াতিৰ ২০০ ৰো অধিক গোচৰ সন্দৰ্ভত চাইবাৰ অপৰাধ চক্ৰৰ বিৰুদ্ধে অভিযান চলাই।

CBI য়ে চেন্নাইৰ বি নৰেশ আৰু কলকাতাৰ সঞ্জীৱ সাহা নামৰ দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰে । তদন্তকাৰী সংস্থাটোৱে দাবী কৰিছে যে দুয়োজনে শ্বেল কোম্পানী স্থাপনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল আৰু ভুৱা বেংক একাউণ্ট চলাইছিল যিবোৰৰ সহায়ত অপৰাধৰ সন্দেহযুক্ত ধনৰ প্ৰায় ২ কোটি টকা স্থানান্তৰ কৰা হৈছিল । বিষয়াসকলে সন্দেহ কৰিছে যে এই বেংক একাউণ্টবোৰে কেলেংকাৰীত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ।

তদন্তৰ সময়ত চিবিআইয়ে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ চৰকাৰী ৱেবছাইটৰ সৈতে ওতঃপ্ৰোতভাৱে মিল থকা এটা ভুৱা ৱেবছাইটো উন্মোচন কৰিছে ।

সংস্থাটোৱে জনোৱা মতে চাইবাৰ অপৰাধীসকলে এই ভুৱা ৱেব ছাইট ব্যৱহাৰ কৰি আইনী বিষয়াৰ পৰিচয় দি ভুক্তভোগীক ভয় খুৱাই তেওঁলোকক ‘ডিজিটেল গ্ৰেপ্তাৰ’ বুলি দাবী কৰিছিল বুলি অভিযোগ উঠিছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *