দুচকীয়া বাইক বা সৰু গাড়ী নহয় এইবাৰ ট্ৰেভেলাৰ উঠাই নিলে চোৰে।
আৰক্ষীৰ গিজ গিজাই থকা গুৱাহাটী মহানগৰীত এইবাৰ ট্ৰেভেলাৰ চুৰি কৰি নিলে চোৰে।
জালুকবাৰী আৰক্ষী চকীৰ নিচেই ওচৰৰ পৰা চোৰে চুৰি কৰি নিলে AS 01 SC4951 নম্বৰৰ ট্ৰেভেলাৰ।
গাড়ীত থকা GPS ৰ ভিত্তিত ঘটনাৰ নিশাই গাড়ীৰ অৱস্থান লাভ।
জালুকবাৰীৰ পৰা চুৰি কৰি নিয়া বাহনখন সোণাপুৰত গুগুল পে যোগে তেল ভৰালে চোৰে।
চুৰিকাণ্ডৰ লগতে তেল ভৰোৱাৰ সকলো গতিবিধি আবদ্ধ CC কেমেৰাত।
গুগুল পেৰ তথ্যৰ ভিত্তিত চোৰৰ নাম থকা ঠাই পোহৰলৈ আনিলে গাড়ীখনৰ গৰাকী উমা প্ৰসাদে।
এজাহাৰসহ চোৰৰ সবিশেষ দিলে জালুকবাৰী আৰক্ষীক।
পিছে চোৰজনৰ গতিবিধি উলিয়াব পৰা নাই স্মাৰ্ট আৰক্ষীয়ে।
উলিয়াব পৰা নাই গাড়ীখনৰ অৱস্থান।
চোৰজনৰ আছে কেবাটাও নাম আছে বহু কুখ্যাত চিনাকি।
খানাপাৰাত থাকে পিছে আৰক্ষীৰ অভিযানে চুব পৰা নাই চোৰৰ গতিবিধি।