তিনিদিনীয়া ভ্ৰমণ কাৰ্যসূচীলৈ আজি নতুন দিল্লীলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাইছি।
পূৰ্বৰ নিৰ্ধাৰিত ভ্ৰমণসূচী অনুসৰি বিশেষ বিমানেৰে বুধবাৰৰ সন্ধিয়া ৭-০০ বজাত ৰাজধানী নতুন দিল্লীত।উপস্থিত হ’ব
৫০ জনৰো অধিক প্ৰতিনিধি দলসহ জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীক কঢ়িয়াই অনা বিমানখন নতুন দিল্লীৰ পালাম বায়ুসেনাৰ ঘাটিত অৱতৰণ কৰিব। তাতেই তেওঁক উষ্ম আদৰণী জনোৱা হ’ব।
২ জুলাইত ৰাষ্ট্ৰপতি ভৱনত বিশেষ সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰিছে
২ জুলাই,বৃহস্পতিবাৰে পুৱা সেই অনুষ্ঠানত উপস্থিত হৈ জাপানৰ প্ৰধানমন্ত্ৰীগৰাকী যাব হায়দৰাবাদ হাউচলৈ। তাতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে দ্বি-পাক্ষিক বৈঠকত ভাগ ল’ব। দুয়োখন দেশৰ মাজত ব্যৱসায়িক, অংশীদাৰিত্ব, বিনিয়োগ সম্পৰ্কীয় কেইবাখনো চুক্তি স্বাক্ষৰ কৰাৰ কথা।
দিনৰ ১-১০ বজাত সেই চুক্তিসমূহত চহী কৰিব দুয়োখন দেশৰ প্ৰধানমন্ত্ৰী দুগৰাকীয়ে। চুক্তি স্বাক্ষৰিত কৰাৰ পাছত মোডী আৰু জাপানৰ প্ৰধানমন্ত্ৰী টাকাইছিয়ে এক যৌথ সংবাদ বিবৃতি প্ৰদান কৰিব। ২ জুলাইৰ দুপৰীয়া জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে তাজ পেলেচ হোটেলত আয়োজিত এক অনুষ্ঠানত অংশ লোৱাৰ কথা।
হোটেলখনত আয়োজন কৰা অনুষ্ঠানত জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰদান কৰিব। সেই অনুষ্ঠানত দুয়োখন দেশৰ উদ্যোগপতি, বিনিয়োগকাৰী আৰু ব্যৱসায়িক প্ৰতিনিধিসকল উপস্থিত থাকিব। এই ব্যস্ত ভ্ৰমণসূচী সামৰি ৩ জুলাইৰ পুৱাৰ ভাগতে জাপানৰ প্ৰধানমন্ত্ৰীগৰাকী টকিঅ’ অভিমুখে ঘূৰি যাব।