কামৰূপ আৰক্ষীৰ বৃহৎ সফলতা।
জাল চহীৰে বেংকৰ পৰা ৫ লাখ টকা হৰলুকি এজন প্ৰৱঞ্চক ।
ধন লৈ উধাও হয় প্ৰৱঞ্চকটো।
উত্তৰ গুৱাহাটী গৌৰীপুৰ আৰক্ষীয়ে গুৱাহাটীৰ পৰা খেদি খেদি ৰঙিয়াত গ্ৰেপ্তাৰ কৰে প্ৰৱঞ্চকটো।
বিহাৰৰ বাসিন্দা কৃষ্ণ চাহা নামৰ প্ৰৱঞ্চক জনে উত্তৰ গুৱাহাটী চকীগেটৰ ‘মা ভৱানী’ এন্টাৰপ্ৰাইজৰ স্বতাধিকাৰী সন্দীপ কুমাৰ ৰয়ৰ বেংকৰ চহী জাল কৰি বুধবাৰে গুৱাহাটীৰ দুটা বেংকৰ পৰা ৩ লাখ আৰু ২ লাখ টকা উলিয়াই।
ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়াত বেংক কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি প্ৰৱঞ্চক জনক আৰক্ষীয়ে গুৱাহাটীৰ পৰা খেদি খেদি ৰঙিয়াৰ মাজ মজিয়াত গ্ৰেপ্তাৰ কৰে।
প্ৰৱঞ্চক চাহৰ লগত নগদ ৪ লাখ ৭০ হাজাৰ আৰু এটা মোবাইল ফোন উদ্ধাৰ কৰে।