জুবিন গাৰ্গৰ হত্যাৰ অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদ নাকচ হোৱাৰ পাছতেই গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিক্ৰিয়া।
সামাজিক মাধ্যমযোগে গৰিমা শইকীয়া গাৰ্গে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে, ‘‘ভগৱান আৰু দেশৰ ন্যায় ব্যৱস্থাৰ ওপৰত, ৰাইজৰ প্ৰাৰ্থনা-আশীৰ্বাদ আৰু সহযোগিতাৰ ওপৰত পূৰ্ণ আস্থা আছে আমাৰ। তুমিও নিজেই নিজক চাবা গ’ল্ডী… আৰু যাতে তোমাৰ দৰে এক পৱিত্ৰ, সহজ-সৰল এক সত্তাৰ লগত কেতিয়াও এনে ভয়ংকৰ অন্যায় নহয়।’’
শ্যামকানু মহন্তৰ জামিন নাকচ হোৱাৰ প্ৰধান কাৰণ হল- আদালতত উন্মোচিত হৈছে চাঞ্চল্যকৰ তথ্য। ছিংগাপুৰত জুবিন গাৰ্গক প্ৰথম মদৰ বটল দিছিল শ্যামকানুৱে। প্ৰথম মদৰ বটল দিয়াৰ প্ৰমাণ দিছিল ছিংগাপুৰৰ সাক্ষীয়ে।