UNESCOৰ সাংস্কৃতিক ঐতিহ্যৰ তালিকাত অন্তৰ্ভুক্ত পোহৰৰ উৎসৱ দীপাৱলী

UNESCOৰ সাংস্কৃতিক ঐতিহ্যৰ তালিকাত অন্তৰ্ভুক্ত পোহৰৰ উৎসৱ দীপাৱলী।

সাংস্কৃতিক আৰু পৰ্যটন মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱাটে এই কথা ঘোষণা কৰাৰ লগতে এয়া প্ৰতিজন ভাৰতীয়ৰ বাবে এক আৱেগিক মুহূৰ্ত বুলি সদৰী কৰে।

আনহাতে UNESCO ৰ এই স্বীকৃতিৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে দীপাৱলীক ইউনেস্ক’ৰ সাংস্কৃতিক ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত কৰা বিষয়টোৱে ভাৰতৰ লগতে সমগ্ৰ বিশ্বৰ জনসাধাৰণক উৎসাহিত কৰি তুলিছে।

দীপাৱলীলৈ UNESCOৰ এই স্বীকৃতিৰ পাছতে দিল্লীৰ লালকিল্লাত চলি থকা আই জি চিৰ ২০ সংখ্যক অধিৱেশনত ‘বন্দে মাতৰম’ আৰু ‘ভাৰত মাতা কী জয়’ ধ্বনি দিয়াৰ লগতে এক আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *