গোলাঘাটৰ ধোদৰ আলি আৱদ্ধ কৰিলে বন্যহস্তীৰ এটা বৃহৎ দলে

গোলাঘাটৰ ধোদৰ আলি আৱদ্ধ কৰিলে বন্যহস্তীৰ এটা বৃহৎ দলে৷

মঙলবাৰে নিশা ধনশিৰি নদীৰ আৱৰঘাটেদি পাৰ হৈ ভোলাগুৰি আৰু গৰঙা চাহ বাগিছাত বন্যহস্তীৰ দলটো প্ৰৱেশ কৰে ৷

বুধবাৰে পুৱা গৰঙা বাগান হৈ ধোদৰআলিত প্ৰবেশ কৰাত বন্যহস্তীৰ জাকটো চাবলৈ বহুলোক উপস্থিত হয় ৷

উল্লেখযোগ্য যে খাদ্যৰ অভাৱৰ বাবে মৰঙি অঞ্চলৰ পৰা ধনশিৰি নদী পাৰ হৈ বন্যহস্তীৰ দলটোৱে এইদৰে অৱস্থান লৈছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *