এফালে ৰজাঘৰীয়াৰ উন্নয়নৰ দীঘলীয়া তালিকা আনফালে উন্নয়ন বিচাৰি হাহাকাৰ জনতাৰ৷ দৃশ্য নৱগঠিত মৰিয়নি বিধানসভা সমষ্টিৰ বৰলিমৰা পাৰঘাটৰ।বানে ধুই যোৱা এই নৈ পৰীয়া অঞ্চলটোৰ ৰাইজৰ সদাই এটাই দাৱী অঞ্চলটোৰ পথৰ উন্নয়ন,বিশেষকৈ বৰালিমৰা এই পাৰঘাটত জাঁজী নদীৰ ওপৰত এখন স্থায়ী দলং নিৰ্মানৰ বাবে৷
কিন্তু ৰাজাঘৰীয়াৰ প্ৰতিশ্ৰুতি বহুত হ’ল কিন্তু দলং খন ন’হল৷ ফলত বাৰিষা এখন টুলুঙা নাও আৰু খৰালী এখন বাঁহৰ দলং নিৰ্মান কৰি বিপদ সংকুল ভাৱেই পাৰাপাৰ হয় প্ৰায় ১৫- ২০ খন গাঁৱৰলোক৷