এটা দশকতকৈ অধিক সময় জুৰি বন্ধ হৈ থকা লিবিয়াৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয়টো শুকুৰবাৰে পুনৰ মুকলি কৰি দিয়া হয়।
মোৱাম্মৰ গাড্ডাফিক শাসনৰ পৰা ওফৰোৱাৰ পাছত প্ৰথমবাৰৰ বাবে দেশখনৰ জনসাধাৰণে ঐতিহাসিক সম্পদ প্ৰদৰ্শনৰ সুবিধা লাভ কৰিছে।
উল্লেখ্য যে, ৰেড কেছ্ল শীৰ্ষক এই সংগ্ৰহালয়টো ২০১১ চনত বন্ধ হৈ পৰিছিল। এই সংগ্ৰহালয়টোত প্ৰাগঐতিহাসিক যুগ তথা লিবিয়াৰ ৰোমান, গ্ৰীক আৰু ইছলামিক যুগৰ বিভিন্ন ঐতিহ্য সংৰক্ষিত হৈ আছে।