নতুন দিল্লীত ইটালীৰ উপ-প্ৰধানমন্ত্ৰী তথা বৈদেশিক মন্ত্ৰী এণ্টনিঅ’ তাজানীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ

বুধবাৰে নতুন দিল্লীত ইটালীৰ উপ-প্ৰধানমন্ত্ৰী তথা বৈদেশিক মন্ত্ৰী এণ্টনিঅ’ তাজানীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

এই সাক্ষাতৰ পাছত প্ৰধানমন্ত্ৰী মোদীয়ে সামাজিক মাধ্যম যোগে উল্লেখ কৰে যে ভাৰত-ইটালীৰ বন্ধুত্ব পূৰ্বতকৈ অধিক দৃঢ় হৈছে আৰু ইয়াৰ দ্বাৰা দেশৰ নাগৰিক তথা বিশ্ব সম্প্ৰদায় লাভান্বিত হৈছে। আনহাতে বাণিজ্য, বিনিয়োগ, গৱেষণা, উদ্ভাৱন, প্ৰতিৰক্ষা, মহাকাশ, সংযোগ, সন্ত্ৰাসবাদ বিৰোধী, শিক্ষা আৰু জনসাধাৰণৰ সম্পৰ্কৰ দৰে মূল খণ্ডসমূহত ইটালী-ভাৰতৰ যুটীয়া কৌশলগত কাৰ্য্য পৰিকল্পনা ২০২৫-২০২৯ ৰূপায়ণৰ দিশত দুয়োপক্ষই সক্ৰিয় পদক্ষেপ গ্ৰহণ কৰা বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *