Indigo-ই অস্বাভাৱিকভাৱে বাতিল কৰা বিমান সেৱা সন্দৰ্ভত প্ৰতিবেদন দাখিল

Indigo-ই অস্বাভাৱিকভাৱে বাতিল কৰা বিমান সেৱা সন্দৰ্ভত তদন্ত সমিতিয়ে শুকুৰবাৰে প্ৰতিবেদন দাখিল কৰে। অসামৰিক বিমান পৰিবহন সঞ্চালকালয়ৰ যুটীয়া সঞ্চালক সঞ্জয় কে. ব্ৰামহানেৰ নেতৃত্বত এই তদন্ত সমিতি গঠন কৰা হৈছিল।

উল্লেখযোগ্য যে, Indigo-ই অস্বাভাৱিকভাৱে বিমান সেৱা বাতিল কৰাত দেশজুৰি বিমান সেৱা ব্যাহত হৈ পৰিছিল। ইয়াৰ ফলত সমগ্ৰ দেশতে বিমান যাত্ৰীসকল অভাৱীনয় পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছিল।

এই বিষয়ে তদন্তৰ বাবে অসামৰিক বিমান পৰিবহন সঞ্চালকালয় বা DGCA-য়ে যোৱা ৫ ডিচেম্বৰত চাৰিজনীয়া তদন্ত সমিতি গঠন কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *