স্বাস্থ্যবান শ্ৰমিক যোজনাৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ

দুলীয়াজানৰ জুতুলিবাৰী চাহ বাগিচাত আজি স্বাস্থ্যবান শ্ৰমিক যোজনাৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়।

অসমৰ চাহ বাগিচাৰ জনগণৰ সুস্বাস্থ্যৰ বাবে সাৰ্বজনীন স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থাৰ বাবে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ অধীনত এই অভিলাষী আঁচনি গ্ৰহণ কৰা হৈছে।

পাইলট প্ৰজেক্ট হিচাপে আৰম্ভ কৰা এই আঁচনি প্ৰথম পৰ্যায়ত ৰাজ্যৰ ২০ খন বাগিচাত কাৰ্যকৰী কৰা হৈছে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত স্বাস্থ্যমন্ত্ৰী অশোক সিংহল আৰু বিধায়ক তেৰছ গোৱালাৰ লগতে স্বাস্থ্য বিভাগৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। 

Leave a Reply

Your email address will not be published. Required fields are marked *