অৰুণাচলৰ ভাৰত চীন সীমান্তৰ অঞ্জাৱ জিলাৰ চাগলাগামত শিহৰণকাৰী দুৰ্ঘটনা; পাহাৰৰ পৰা বাগৰি পৰিল শ্ৰমিক ভৰ্তি বাহন

অৰুণাচল প্ৰদেশৰ আঞ্জাও জিলাত ভয়ংকৰ পথ দুৰ্ঘটনা। পাহাৰৰ পৰা এখন শ্ৰমিক ভৰ্তি ডাম্পাৰ বাগৰি একাধিক শ্ৰমিকৰ মৃত্যু হোৱাৰ সম্ভাৱনা।

জানিব পৰা মতে, হায়ুলিয়াং–চাগলাগাম পথত শ্ৰমিক ভৰ্তি ডাম্পাৰখন নিয়ন্ত্ৰণ হেৰুৱাৰ ফলতেই এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়। প্ৰাৰম্ভিক তথ্য অনুসৰি, বাহনখনত অসমৰ ২১গৰাকী শ্ৰমিক আছিল। ইতিমধ্যে ১৯ গৰাকী শ্ৰমিকৰ নাম প্ৰকাশ কৰা হৈছে।

প্ৰকাশ কৰা তালিকা অনুসৰি বাহনখনত আছিল বুধেশ্বৰ দীপ, ৰাহুল কুমাৰ, সমীৰ দীপ, জোন কুমাৰ, পংকজ মানকী, অজয় ​​মানকী, বিজয় কুমাৰ, অভয় ভূমিজ, ৰোহিত মানকী, বিৰেন্দ্ৰ কুমাৰ, আগৰ তাঁতী, ধীৰেণ চেতিয়া, ৰজনি নাগ, দীপ গোৱালা, ৰামচবক সোণাৰ, সোণাতন নাগ, সঞ্জয় কুমাৰ, কৰণ কুমাৰ আৰু জুনাছ মুণ্ডা।

উল্লেখযোগ্য় যে, ঘটনাৰ পাছতেই স্থানীয় কৰ্তৃপক্ষ আৰু NDRF বাহিনীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। উদ্ধাৰ অভিযান সন্দৰ্ভত জিলা দুৰ্যোগ ব্যৱস্থাপনা বিষয়াই উদ্ধাৰকাৰী দল, অসম আৰক্ষীৰ সৈতে সমন্বয় স্থাপন কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *