ডবকাত ই-ৰিক্সা চলাচলত নতুন নিৰ্দেশনা

ডবকা পৌৰসভাৰ তৰফৰ পৰা ডবকা নগৰৰ সকলো ই-ৰিক্সা চালক আৰু মালিকলৈ গুৰুত্বপূৰ্ণ জাননী জাৰি কৰিছে পৌৰসভাৰ কাৰ্যবাহী বিষয়া ধিৰেন বৰদলৈয়ে।

জাননীখনত স্পষ্টকৈ উল্লেখ, সকলো ই-ৰিক্সা চালক আৰু মালিকে চৰকাৰী নীতি-নিয়ম, যান-বাহন আইন আৰু পৌৰসভাৰ নিৰ্দেশনা মানি চলিব লাগিব।

জাননী অনুসৰি অনুমতি বিহীন ই-ৰিক্সা চলাচল, যান-বাহনৰ প্ৰয়োজনীয় নথিপত্ৰ নথকা, নম্বৰ প্লেট নথকা, অতিৰিক্ত যাত্ৰী বহন কৰা আদি অনিয়ম সহ্য কৰা নহ’ব। নিয়ম উলংঘা কৰা ই-ৰিক্সা চালক অথবা মালিকৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ইতিমধ্যে পুলিচ প্ৰশাসনক অনুৰোধ জনোৱা হৈছে।

উল্লেখ্য যে, ডবকা নগৰত দিনক দিনে ই-ৰিক্সাৰ সংখ্যা বৃদ্ধি পোৱাৰ ফলত যান-জট আৰু পথ দুৰ্ঘটনাৰ আশংকা বৃদ্ধি পাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *