চিৰাঙত তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব বড়ো সাহিত্য সভাৰ ৬৫ সংখ্যক কেন্দ্ৰীয় অধিৱেশন

চিৰাঙৰ বিজনীৰ বৰলাউগাওঁৰ থেংফাখ্ৰী ফৌথাৰত আগন্তুক ২০২৬ চনৰ ৯ জানুৱাৰীৰে পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব বড়ো সাহিত্য সভাৰ ৬৫ সংখ্যক কেন্দ্ৰীয় অধিৱেশন।

উক্ত অধিৱেশনৰ সৈতে সংগতি ৰাখি নিৰ্মাণ কৰিবলগীয়া বড়ো জনজাতিৰ বীৰাংগণা থেংফাখ্ৰীৰ প্ৰতিমূৰ্তি আৰু উদ্যানৰ শুকুৰবাৰে আধাৰশিলা স্থাপন কৰে BTC ৰ কাৰ্যবাহী সদস্য ধীৰাজ বৰগয়াৰীয়ে ।

অনুষ্ঠানত বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় সভাপতি ড৹ সুৰথ নাৰ্জাৰী, ABSU ৰ সাধাৰণ সম্পাদক খনীন্দ্ৰ বসুমতাৰীসহ অতিথি বৃন্দ উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *