জুবিন গাৰ্গৰ সোঁৱৰণেৰে শনিবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হ’ব দৰঙৰ বুঢ়া লোকপ্ৰিয় বৰদলৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী শুভাৰম্ভণী অনুষ্ঠান আৰু প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহ ৷
এই সমাৰোহৰ সাংস্কৃতিক অনুষ্ঠানত জুবিন গাৰ্গে গীত পৰিবেশনৰ বাবে চুক্তিবদ্ধ আছিল ৷
সেয়ে জুবিনবিহীন ভাৱে জুবিন গাৰ্গৰ সোঁৱৰণত একে তাৰিখত আয়োজন কৰিছে মহাৰজত জয়ন্তীৰ শুভাৰম্ভণী অনুষ্ঠান আৰু প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহ ৷
শনিবাৰে পুৱা বন্তি প্ৰজ্বলন আৰু সমাৰোহৰ পতাকা উত্তোলনেৰে কাৰ্যসূচী আৰম্ভ হ’ব ৷
দ্বিতীয়দিনা পুৱা দৰঙী লোককৃ্ষ্টিৰ সমাহাৰেৰে উলিওৱা হ’ব বৰ্ণিল বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা ৷
মুকলি সভাত নিদিষ্ট বক্তা হিচাবে উপস্থিত থাকিব অধ্যাপক, বিশিষ্ট লেখক ড° প্ৰদ্যুন্ন গোস্বামী , ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া , বিধায়ক পৰমানন্দ ৰাজবংশী , ড° জয়নাথ শৰ্মা আৰু বিনন্দ শইকীয়া ৷
সন্ধিয়া অনুষ্ঠিত হ’ব প্ৰাণৰ শিল্পী জুবিন গাৰ্গক সুঁৱৰি প্ৰীতিৰে সুবাসে শীৰ্ষক সুৰ আৰু গীতৰ অনুষ্ঠান ৷
উপস্থিত থাকিব অনুৰাগ ডেকা ,ৰাজা বৰুৱা,শান্তনু বৰুৱা ৷
সাংস্কৃতিক অনুষ্ঠানত গীত পৰিবেশন কৰিব জনপ্ৰিয় কন্ঠশিল্পী আচুৰ্য বৰপাত্ৰই ৷