দেশৰ ৬ ৰাজ্যত নতুন ৰাজ্যপাল নিযুক্তি

দেশৰ ৬ ৰাজ্যত নতুন ৰাজ্যপাল নিযুক্তি।সোমবাৰে দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৬খন ৰাজ্যত নতুন ৰাজ্যপাল নিযুক্তি দিয়ে।

ৰাজ্যপাল নিযুক্তি দিয়ে কেৰালাম, তামিলনাডু, ওড়িশা, কৰ্ণাটক, উত্তৰাখণ্ড, ছিকিমত।

ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ৰ এক বিজ্ঞপ্তি অনুসৰি ৰাষ্ট্ৰপতি মুৰ্মুৱে কেৰালামৰ ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰক তামিলনাডুৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়ে ৷ কেৰালামৰ নতুন ৰাজ্যপাল হ’ব ছিকিমৰ ৰাজ্যপাল ওম প্ৰকাশ মাথুৰ ৷

দুষ্যন্ত গৌতমক ছিকিমৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে ৷

ঝাৰখণ্ড বিজেপিৰ জ্যেষ্ঠ নেতা ব্ৰজ মোহন ৰামক ওড়িশাৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে ৷

সুধা যাদৱক কৰ্ণাটকৰ ৰাজ্যপাল আৰু ধল সিং বিসেনক উত্তৰাখণ্ডৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে ৷

ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰক তামিলনাডুৰ পূৰ্ণকালীন ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে ৷

কেৰালামৰ বাসিন্দা আৰ্লেকাৰে বিগত কেইবামাহো ধৰি তামিলনাডুৰ ৰাজ্যপালৰ দায়িত্ব চম্ভালি আহিছিল ৷

Leave a Reply

Your email address will not be published. Required fields are marked *