ছাত্ৰ একতা সভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি তীব্ৰ সংঘাত

শুৱালকুছিৰ ঐতিহ্যমণ্ডিত বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচনক কেন্দ্র কৰি এক উত্তপ্ত পৰিস্থিতি।

ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ সময়সীমা উকলি যোৱাক কেন্দ্র কৰি সদৌ অসম ছাত্ৰ সন্থা (আছু) আৰু অখিল ভাৰতীয় বিদ্যার্থী পৰিষদৰ (এবিভিপি) কৰ্মীসকলৰ মাজত তীব্ৰ সংঘাত।

মহাবিদ্যালয়খনত মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়াক লৈ দুয়োটা ছাত্ৰ সংগঠনৰ সদস্যসকলৰ মাজত প্ৰথমে উত্তপ্ত বাক-বিতণ্ডা হয় আৰু পৰৱৰ্তী সময়ত ই মাৰপিটৰ ৰূপ লয়, যাৰ ফলত মহাবিদ্যালয় চৌহদত তীব্ৰ চেপা উত্তেজনাই বিৰাজ কৰে।

ঘটনাৰ খবৰ পোৱাৰ পাছতে শুৱালকুছি আৰক্ষীৰ দল এটা মহাবিদ্যালয় চৌহদত উপস্থিত হয়। আৰক্ষীয়ে উপস্থিত হৈ ছাত্ৰ-ছাত্ৰীসকলক বুজাই-পৰাজাই পৰিস্থিতি শান্ত কৰিবলৈ চেষ্টা চলায় আৰু পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে।

পৰিস্থিতি কিছু পৰিমাণে শান্ত হয় যদিও ঘটনাটোক কেন্দ্ৰ কৰি সাধাৰণ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এতিয়াও তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *