গুৱাহাটী মহানগৰীত ভয়ংকৰ ডকাইতি। সাউকুচিৰ জোনাকী নগৰৰ ১১নং বাসগৃহত সংঘটিত হৈছে এই ডকাইতি। নিশা অস্ত্ৰধাৰী ডকাইতৰ দলে লুটপাত চলালে এটা পৰিয়ালক।
মঙলবাৰে নিশা ক’লা কাপোৰ পৰিধান কৰি হাতত ডেগাৰ লৈ ৪ জনীয়া ডকাইতৰ দল বাসগৃহত প্ৰৱেশ। পংকজ চক্ৰৱৰ্তী নামৰ লোকজনৰ বাসগৃহত দুটাকৈ তলা ভাঙি প্ৰৱেশ কৰে ডকাইতৰ দলটোৱে।
৪ ডকাইডে ভঙা ভঙা অসমীয়া আৰু হিন্দীত পাতিছিল কথা-বতৰা। ঘৰত প্ৰৱেশ কৰি বিচনাৰ পৰা উঠাই পৰিয়ালটোৰ হাতত গামোচাৰে বন্ধাৰ লগতে গান্ধীৰে বান্ধিছিল মুখ। হাত-মুখ বান্ধি ডকাইতৰ দলটোৱে লুটি নিয়ে সকলো সা-সামগ্ৰী।
নিশা ৩ বজাত ঘৰটোত প্ৰৱেশ কৰিছিল ডকাইদৰ দলটো। ডকাইতৰ দলটোৱে নিৰ্দেশ দিছিল যাতে ৩:৪৫ বজাৰ আগতে কাকো নিচিঞৰে আরু কাকো অৱগতে নকৰে ঘটনাৰ বিষয়ে। পুৱতিনিশা গড়চুক আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিয়ালটোক উদ্ধাৰ কৰে।
ডকাইতৰ দলটোৱে পতী-পত্নী দুয়োৰে পৰা খুলি নিয়ে পিন্ধি থকা সকলো আ-অলংকাৰ। ফৰেনছিকৰ দল, আৰক্ষীৰ উচ্চপদস্থ বিষয়া উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে।