আজি নগাওঁ লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন।
আজি বিয়লি ৩ বজালৈকে প্ৰাৰ্থীসকলে জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত নিজৰ মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব।
মনোনয়ন দাখিলৰ অন্তিম দিনটোত শাসকীয় আৰু বিৰোধী দলৰ কেইবাজনো হাইপ্ৰ’ফাইল প্ৰাৰ্থীয়ে নিজ নিজ সমৰ্থকসকলক লৈ শোভাযাত্ৰা কৰি মনোনয়ন পত্ৰ দাখিল কৰাৰ সম্ভাৱনা আছে।
আজি মনোনয়ন দাখিল কৰিব বিজেপিৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মাই। লগতে কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰাইও মনোনয়ন দাখিল কৰিব। এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমল আৰু টি এম চি জে ৰ প্ৰাৰ্থী আব্দুল ছালামেও মনোনয়ন দাখিল কৰিব