লখিমপুৰৰ নাৰায়ণপুৰত মৰ্মান্তিক দুৰ্ঘটনা।
১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ ভোগপুৰত পুৱাই সংঘটিত হয় এই দুৰ্ঘটনাটো।
প্ৰাতঃভ্ৰমণ কৰিবলৈ অহা ব্যক্তিক ঘৰৰ সন্মুখতে মহতিয়াই থৈ যায় অজ্ঞাত বাহনে
ফলত থিতাতে মৃত্যু হয় হয় ৰঞ্জন শইকীয়া নামৰ ব্যক্তিজন
এখন বাহনে খুন্দিওৱাৰ পিছত আন এখন বাহন তেওঁৰ মূৰৰ ওপৰেৰে পাৰ হৈ যোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ।
প্ৰথম অৱস্থাত লোকজনক চিনাক্ত কৰিব পৰা নাছিল যদিও পৰৱৰ্তী সময়ত পিন্ধি থকা পোছাকৰ জৰিয়তে তেওঁক চিনাক্ত কৰা হয় পৰিয়ালৰ লোকে।