মাজুলীৰ কমলাবাৰীত শোকাৱহ দুৰ্ঘটনাত নিহত লেখক, সমালোচক নিমানন্দ দাস

মাজুলীত ভয়ংকৰ পথ দুৰ্ঘটনা ।।

দুৰ্ঘটনাত বোলছবি পৰিচালক নিমানন্দ দাসৰ মৃত্যু ।।

মাজুলীত সংঘটিত এক দুৰ্ভাগ্যজনক পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে বোলছবি পৰিচালক নিমানন্দ দাসে ।।

নিশা প্ৰায় আঢ়ৈ বজাত কমলাবাৰীৰ সমীপত এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয় ।।

গাড়ীৰ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ দ খাৱৈত বাগৰি পৰে আৰু ঘটনাস্থলীতে তেওঁৰ মৃত্যু হয় ।।

৫৫ বছৰীয়া নিমানন্দ দাস আছিল এগৰাকী প্ৰতিভাৱান পৰিচালক। পূৰ্বে সাংবাদিকতাৰ সৈতে জড়িত হৈ পিছলৈ তেওঁ চিত্ৰনাট্য আৰু ডকুমেণ্টৰীৰ জৰিয়তে অসমীয়া চলচ্চিত্ৰ জগতত নিজৰ স্থান দখল কৰিছিল ।।

বৰ্তমান তেওঁ অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েঙৰ জীৱনৰ আধাৰত এখন বায়’পিক নিৰ্মাণত ব্যস্ত আছিল। মাজুলীৰ ভকতচাপৰিত ছবিখনৰ শ্বুটিং চলি আছিল ।।

ছবিখনৰ এটা দলক লক্ষীমপুৰ ৰে’ল ষ্টেচনত থৈ মাজুলীলৈ উভতি অহাৰ পথতে এই দুৰ্ঘটনা সংঘটিত হয় ।।

অভিনেতা ৰাজীৱ ক্ৰ’কে ধৰি কেইবাগৰাকীও অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰি থকা ছবিখনৰ মাজুলীৰ শ্বুটিং সামৰি আজি গুৱাহাটীলৈ যোৱাৰ কথা আছিল দলটোৰ।।

কিন্তু তাৰ পূৰ্বেই সংঘটিত এই অঘটনে সমগ্ৰ অসমীয়া চলচ্চিত্ৰ জগতত শোকৰ ছাঁ পেলাইছে ।।

Leave a Reply

Your email address will not be published. Required fields are marked *