জামুগুৰিহাটত গ্ৰেপ্তাৰ ৩টা কুখ্যাত গৰুচোৰ

শোণিতপুৰৰ জামুগুৰি আৰক্ষীৰ জালত তিনিটাকৈ কুখ্যাত গৰু চোৰ। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চোৰ কেইটা তেজপুৰ ভোজখোৱা চাপৰিৰ জামিৰ উদ্দিন, ছাদ্দাম আলি আৰু নগাঁও কদমগুৰিৰ ছাদ্দাম হুছেইন।বুলি জানিব পৰা গৈছে

বিশেষ সুত্ৰৰ পম খেদি জামুগুৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে গৰু চোৰ কেইটাক। গৰু চোৰ কেইটাক ইতিমধ্যে তেজপুৰ জেল হাজোতলৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, ধৃত গৰুচোৰ কেইটা জামুগুৰিহাটৰ বিভিন্ন অঞ্চলত সঘনাই সংঘটিত হৈ থকা গৰু চুৰি কাৰ্য্যৰ লগত জড়িত বুলি সন্দেহ কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *