চাহ গছ উচ্ছেদক কেন্দ্ৰ কৰি দেওপানীত তীব্ৰ উত্তেজনা।

বৰছিলা চাহ বাগিচাৰ অন্তৰ্গত দেওপানীত চাহ গছ উচ্ছেদ কৰাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা।

আটছা আৰু স্থানীয় দল সংগঠন একগোট হৈ উচ্ছেদ বন্ধ কৰাৰ দাবীত উত্তেজনা।

জানিব পৰা মতে, দেওপানী চাহ বাগিচাৰ ২৪ নং বাগানত অ’এনজিচিৰ তৈলখাদ স্থাপনৰ বাবে চাহ গছ উচ্ছেদ কৰিছে ঠিকাদাৰে।

যাৰ বাবে এতিয়া সৰৱ হৈ পৰিছে আটছাৰ লগতে সংগ্ৰামী সেনা অসম দেওপানী আঞ্চলিক সমিতি।

সংগঠন কেইটাৰ দাবী চাহ শ্ৰমিক ৰাইজৰ জীৱন আৰু জীৱিকাৰ প্ৰতি লক্ষ্য ৰাখি অ’এনজিচি কৰ্তৃপক্ষই এই উচ্ছেদ বন্ধ কৰিব লাগে।

উচ্ছেদস্থলীত আটাইকেইটা দল সংগঠন উপস্থিত হৈ ঠিকাদাৰ পক্ষৰ মাটি খনন কাৰ্যত ব্যৱহৃত বাহন সমূহ উভতাই পঠিয়াই।

বৰ্তমান সাময়িকভাৱে আলোচনা নোহোৱা পৰ্যন্ত বন্ধ কৰা হৈছে বাগান উচ্ছেদৰ কাম।

Leave a Reply

Your email address will not be published. Required fields are marked *