কামৰূপৰ গন্ধমৌত বোৱাৰীৰ ৰহস্যজনক মৃত্যু

কামৰূপৰ গন্ধমৌত বোৱাৰীৰ ৰহস্য জনক মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য।

পৰিয়ালৰ লোকৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে স্বামী সমৰ দাসক।

এমাহৰ পূৰ্বে এটি পুত্ৰ সন্তান জন্ম দিছিল মৃত মিতালী কলিতাই। এমহীয়া পৰ্বৰ সকলো যা-যোগাৰ কৰাৰ পিচত ঘৰৰ কাষৰ বৰষুণৰ পানীৰ আৱদ্ধ পানীত মুমুৰ্ষ অৱস্হাত উদ্ধাৰ হৈছিল মিতালীৰ মৃতদেহ।

স্বামী পৰিয়ালে মিতালীক উদ্ধাৰ কৰি শুৱালকুছি প্ৰাথমিক চিকিৎসালয়লৈ লৈ যায় তাৰ পিছত উন্নত চিকিৎসাৰ বাবে ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰাই যদিও চিকিৎসকে মিতালীক মৃত বুলি ঘোষণা কৰে।

মিতালী কলিতাৰ পৰিয়ালে এই মৃত্যুক সহজভাবে মানি নলয় স্বামী সমৰ দাস আৰু স্বামী পৰিয়ালৰ পৰিকল্পিত হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন কৰি শুৱালকুছি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।

উল্লেখ্য যে, ২০২৪ চনৰ জুনৰ ৫ তাৰিখত পছৰীয়াৰ উজানকুৰিৰ ৰজনী কলিতা আৰু দীপালী কলিতাৰ জীয়াৰী মিতালী কলিতাৰ লগত দুয়োৰে বিবাহ হৈছিল।

ঘটনা সন্দৰ্ভত স্বামীক নিশাই শুৱালকুছি আৰক্ষীয়ে আটক কৰে । ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষী তদন্ত আৰম্ভ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *