ভয়ংকৰ অগ্নিকাণ্ড চিকিৎসালয়ত ! মৃত্যু ১৫টা নৱজাতকৰ

পাকিস্তানৰ ৰাজধানী ইছলামাবাদত শোকাৱহ ঘটনা।

চহৰখনৰ ‘পাকিস্তান ইনষ্টিটিউট অৱ মেডিকেল চাইন্সেছ’ (PIMS) হাস্পতালৰ স্ত্ৰী ৰোগ আৰু প্ৰসূতি (Gynecology) বিভাগত অগ্নিকাণ্ড

বুধবাৰে পুৱা সংঘটিত হয়।এই ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা

দুৰ্ঘটনাত অগ্নিদগ্ধ হৈ চিকিৎসাধীন অৱস্থাত থকা ১৫টা নৱজাতক শিশুৰ কৰুণ মৃত্যু ঘটে।

প্ৰাপ্ত খবৰ অনুসৰি, বুধবাৰে পুৱাৰ ভাগত হাস্পতালখনৰ নৱজাতক পৰিচৰ্যা গোটত (NICU) হঠাতে জুইৰ সূত্ৰপাত হয়। মুহূৰ্তৰ ভিতৰতে জুইৰ শিখাই সমগ্ৰ ৱাৰ্ডটো আগুৰি ধৰে আৰু ধোঁৱাময় পৰিবেশৰ সৃষ্টি হয়।

অগ্নিনিৰ্বাপক বাহিনী আৰু উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপনৰ চেষ্টা চলায়।যদিও জুইৰ প্ৰকোপ অত্যাধিক হোৱাৰ বাবে নৱজাতকসকলক সময়মতে সুৰক্ষিতভাৱে উলিয়াই অনাটো কঠিন হৈ পৰে। মাত্ৰ এটি শিশুক উদ্ধাৰ কৰি অন্য ৱাৰ্ডলৈ স্থানান্তৰ কৰা হয় যদিও বাকী ১৫ টা নৱজাতকে অকাল মৃত্যুক সাৱটি ল’বলগীয়া হয়।

এই ঘটনাক লৈ হাস্পতাল কৰ্তৃপক্ষ আৰু স্থানীয় প্ৰশাসনৰ বিৰুদ্ধে অৱহেলিত গাফিলতিৰ অভিযোগ উত্থাপন হৈছে। সম্প্ৰতি ঘটনাৰ প্ৰকৃত কাৰণ সম্পৰ্কে উচ্চপৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে

Leave a Reply

Your email address will not be published. Required fields are marked *