অৱশেষত উদ্ধাৰ পৰ্বতঝোৰাৰ পলাশগুৰীৰ টিপকাই নদীত সন্ধানহীন যুৱকৰ মৃতদেহ।
মাছ মাৰিবলৈগৈ নদীত সন্ধানহীন হৈছিল যুৱকজন।
আজি পানীত ওপঙি থকা অৱস্থা প্ৰত্যক্ষ কৰে মাছমৰীয়াই।
যুৱকজন আলুপাৰা ২য় খণ্ডৰ বেতবাৰীৰ দ্বীপেন হেমবর্ম বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, SDRF বাহিনীয়ে নিশা অভিযান চলাই যুৱকজনক উদ্ধাৰ কৰাত বিফল হৈছিল।
ঘটনাস্থলীত টিপকাই আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে।