তীৰ্থনগৰী হাজোৰ পাঁচগাঁও আৰু গেৰুৱাৰ শ্ৰীশ্ৰী মা মনসা পূজাত উপস্থিত অসম চৰকাৰৰ বিত্ত আৰু বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা।
মন্ত্ৰী গৰাকীয়ে উপস্থিত হৈ মা-মনসাৰ শ্ৰী চৰনত সেৱা জনাই সকলোৰে কুশল-মঙ্গল কামনা কৰে ।
লগতে সংবাদ মাধ্যমৰ আগত অসম আৰু মেঘালয়ৰ সংঘাতৰ প্ৰসংগত মন্ত্ৰী গৰাকীয়ে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে এটা ভূল বুজা-বুজিক কেন্দ্ৰ কৰি এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে যদিও ই অতি সোনকালে স্বাভাৱিক পৰিবেশ লৈ ঘূৰি আহিব ।
লগতে মন্ত্ৰীগৰাকীয়ে কয় যে, ইতিমধ্যে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ফোণযোগে বাৰ্তালাপ কৰি সুস্থ পৰিবেশ ঘূৰাই অনাৰ ব্যৱস্থা কৰিছে । জ্যেষ্ঠ ভগ্নী হিচাপে অসমে নমনীয়তা প্ৰকাশ কৰিছে যদিও কণিষ্ঠ ভগ্নী হিচাপে ইয়াৰ সন্মান জনাব লাগে বুলি মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে।