তৃতীয় দিনাও অব্যাহত আছে যোৰাবাটত প্ৰতিবাদ।।যোৰাবাটৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ।কেব চালক-মালিক সন্থাৰ প্ৰতিবাদ অব্যাহত। প্ৰতিবাদৰ ফলত স্তব্ধ হৈ পৰিছে মেঘালয়লৈ অহা-যোৱা কৰা পথ।
প্ৰতিবাদকাৰীসকলৰ স্পষ্ট দাবী, উচ্চপদস্থ বিষয়া ঘটনাস্থলীত উপস্থিত হৈ ক্ষমা নোখোজা পৰ্যন্ত প্ৰতিবাদ অব্যাহত থাকিব। লগতে মেঘালয়ৰ প্ৰতিবাদৰ সময়ত ক্ষতিগ্ৰস্ত হোৱা বাহনসমূহৰ উপযুক্ত ক্ষতিপূৰণ দিয়াৰ দাবী কেব চালকসকলৰ।
একেদৰে, মেঘালয় চৰকাৰে চালকসকলৰ সুৰক্ষাৰ নিশ্চিতি প্ৰদান নকৰালৈকে প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ দিছে প্ৰতিবাদকাৰীসকলে। ইয়াৰ ফলত অসম-মেঘালয় সীমান্তত যান-বাহনৰ চলাচলত প্ৰভাৱ পৰাৰ লগতে পৰিস্থিতি ক্ৰমাৎ অধিক উত্তপ্ত হৈ পৰিছে।
আনহাতে, কিছু সময়ৰ পাছতে অসম-মেঘালয়ৰ মাজত সৃষ্টি হোৱা এই পৰিস্থিতিৰ সন্দৰ্ভত কইনাধৰাত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ’ব । বৈঠকত অসমৰ হৈ মন্ত্ৰী অতুল বৰাই অংশগ্ৰহণ কৰিব। মেঘালয় চৰকাৰৰ প্ৰতিনিধি দলেও বৈঠকখনত উপস্থিত থাকিব বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, মেঘালয়ৰ ভিন্ন প্ৰান্তত এতিয়াও আৱদ্ধ হৈ আছে অসমৰ পৰা যোৱা বহু পৰ্যটক। অচিৰই পৰ্যটক সকলক অসমলৈ উভটাই অনাৰ দাবী উত্থাপন কৰিছে পৰিয়ালৰ লোকে।