আজি গহপুৰ সমজিলাৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে বান আৰু খহনীয়া প্ৰতিৰোধ আঁচনি ৰূপায়ণ সম্পৰ্কে ক্ষেত্ৰ ভিত্তিক অধ্যয়ন কৰে ৰাজহ মন্ত্ৰী কেশৱ মহন্ত আৰু জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোঁহাইয়ে।
আজি পুৱাৰে পৰা গহপুৰ বিধানসভা সভা সমষ্টিৰ বিধায়ক উৎপল বৰাক লগত লৈ অঞ্চল পৰিদৰ্শন কৰা মন্ত্ৰীদ্বয়ে
প্ৰথমে গহপুৰ নগৰৰ মাজেৰে বৈ যোৱা ছত্ৰং আৰু কুকুৰজান নৈৰ বান পৰিস্থিতিৰ সম্পৰ্কে বুজ লয়। গহপুৰ নগৰত প্ৰতি বছৰে বানৰ তাণ্ডৱ চলাই অহা উক্ত পাহাৰীয়া নৈ দুখনৰ পৰা গহপুৰ নগৰবাসীক কেনেকৈ স্থায়ীভাৱে সুৰক্ষা দিব পৰা যায় সেই বিষয়ে স্থানীয় ৰাইজৰ লগত আলাপ আলোচনা কৰে মন্ত্ৰী কেশৱ মহন্ত আৰু সুশান্ত বৰগোঁহাইয়ে।
আনহাতে, সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত এই সন্দৰ্ভত সুশান্ত বৰগোঁহাইয়ে কয় যে, ছত্ৰং নৈৰ বান সমস্যা ইতিমধ্যে প্ৰায় ৭০ শতাংশ সম্পূৰ্ণ হৈছে। গহপুৰ পৌৰসভাৰ এলেকাত ছত্ৰং নৈৰ মথাউৰিৰ প্ৰায় এক কিলোমিটাৰ অংশত গাৰ্ড ৱাল দিবলৈ বাকী আছে।বাকী থকা উক্ত এক কিলোমিটাৰ দৈৰ্ঘ্যৰ দুয়োপাৰৰ গাৰ্ড ৱালৰ বাবে ২০ কোটি টকাৰ এক ব্যয়বহুল আঁচনি ৰূপায়ণ কৰা হ’ব বুলি আজি পৰিদৰ্শন কালত স্থানীয় বিধায়ক উৎপল বৰাক মৌখিকভাৱে অৱগত কৰে মন্ত্ৰী সুশান্ত বৰগোঁহাইয়ে।
মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, যোৱা পাঁচ বছৰত জলসম্পদ বিভাগটোক অসমৰ মানুহে বুকুত আকোঁৱালি লৈছে। বিভাগটোৰ কৰ্মদক্ষতাৰ বাবে অসমত বান সমস্যা ক্ৰমান্বয়ে হ্ৰাস পাই অহা বুলি তেওঁ উল্লেখ কৰে। ইপিনে গহপুৰ নগৰৰ মাজেৰে বৈ যোৱা আন এখন অভিশপ্ত নৈ কুকুৰজানৰ মথাউৰিৰ দুয়োপাৰে চলা অবৈধ দখল এৰি দিলে উক্ত নৈতো স্থায়ী বান প্ৰতিৰোধ আঁচনি ৰূপায়ণ হ’ব বুলি উল্লেখ কৰে বিধায়ক উৎপল বৰাই।