কোকৰাঝাৰ কাৰাগাৰত চিৰাঙৰ ভুৱা চিকিৎসকৰ মৃ-ত্যু

কোকৰাঝাৰ জে’লত ন্যায়িক জিম্মাত চিৰাঙৰ ভুৱা চিকিৎসকৰ মৃত্যু। মঙলবাৰে পুৱাৰ ভাগত হয় চিৰাং জিলাৰ কাজলগাঁও থানাৰ ঢালিগাঁৱৰ ভুৱা চিকিৎসক হিচাপে গ্ৰেপ্তাৰ হোৱা ৰবীন্দ্ৰ চন্দ্ৰ নাগৰ।

উল্লেখ্য যে যোৱা, ২৫ জুনত অসম কাউন্সিল অফ মেডিকেল ৰেজিষ্ট্ৰেছনৰ এজাহাৰৰ ভিত্তিত কাজলগাঁও থানাৰ আৰক্ষীয়ে ঢালিগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰিছিল ভুৱা চিকিৎসক ৰবীন চন্দ্ৰ নাগক । উক্ত দিনাই কাজলগাঁও থানাৰ আৰক্ষীয়ে ৰবীন চন্দ্ৰ নাগক কাজলগাঁওস্থিত জিলা সত্ৰ ন্যায়াধীশ আদালতত হাজিৰ কৰিছিল আৰু আদালতে ৰবীন চন্দ্ৰ নাগক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল।

আৰক্ষীৰ সূত্ৰই জানিবলৈ পৰা অনুসৰি, আজি পুৱতি নিশাৰ ভাগত ন্যায়িক জিম্মাত থকাৰ সময়তে হৃদৰোগত আক্ৰান্ত হয় । কোকৰাঝাৰ জে’ল কৰ্তৃপক্ষই সংকটজনক অৱস্থাত ৰবীন্দ্ৰ চন্দ্ৰ নাগক কোকৰাঝাৰ মেডিকেল কলেজত ভৰ্তি কৰে যদিও চিকিৎসাধীন অৱস্থাতে ৰাতিপুৱা ৭ :৩০ বজাত মৃত্যুক আকোঁৱালি লয়।

Leave a Reply

Your email address will not be published. Required fields are marked *