সোণাপুৰৰ ডিগাৰুত বৃহৎ পৰিমাণৰ ক’ডিন ছিৰাপ জব্দ।
এক গোপন সূত্ৰৰ পম খেদি সোণাপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ বৰুৱাৰ নেতৃত্বত সোণাপুৰ আৰক্ষীৰ এটি দলে অভিযান চলাই বৃহৎ পৰিমাণৰ সন্দেহজনক কফ ছিৰাপ জব্দ কৰাৰ লগতে এই সন্দৰ্ভত ৬ জন লোকক আটক কৰিবলৈ সক্ষম হয়।
পুৱাৰ ভাগত কেইবাজনো লোকে অবৈধভাৱে বৃহৎ পৰিমাণৰ ক’ডিন ছিৰাপ সৰবৰাহ কৰাৰ তথ্য লাভ কৰিছিল সোণাপুৰ আৰক্ষীয়ে।
অভিযুক্তসকলে ট্ৰেইনেৰে আহি ডিগাৰু ৰে’লৱে ষ্টেচনৰ পৰা ডিগাৰু সোণাপুৰ অভিমুখে যাবলৈ লৈছিল। তেনে সময়তে স্থানীয় ৰাইজে সন্দেহজনক গতিবিধি লক্ষ্য কৰি আৰক্ষীক খবৰ দিয়ে।
খবৰ লাভ কৰাৰ পিছতে সোণাপুৰ আৰক্ষীৰ এটি দল ঘটনাস্থলীত উপস্থিত হৈ অভিযুক্তকেইজনৰ পৰা এটা ক’লা ৰঙৰ বেগৰ ভিতৰত লুকুৱাই ৰখা মুঠ ১৯৮ টা সন্দেহজনক ক’ডিন ছিৰাপৰ বটল উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
আটকাধীন কেইজনক্ৰমে ছাদ্দাম হুছেইন(৩১), দিলদাৰ আলী(২৯), আইজুল হুছেইন(২৮) আনোৱাৰ হুছেইন(৩৮) মঈনুল ইছলাম (৩৫)আৰু ৱাহিদুল আলী(১৮)।বুলি জানিব পৰা গৈছে।
আধকাধীন আটাইকেইজন নগাঁও জিলাৰ দীগলীয়াটি গাঁৱৰ বাসিন্দা বুলি জানিব পৰা গৈছে।
ইতিমধ্যে সোণাপুৰ আৰক্ষীয়ে এই সন্দৰ্ভত অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে।