ৰক্তাক্ত অৱস্থাত উদ্ধাৰ দিনমজুৰিৰ মৃতদেহ, পূৰ্ব পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ

শ্ৰীভূমি জিলাৰ পাথাৰকান্দিৰ পুতনি চাহ বাগিচাত ৰক্তাক্ত অৱস্থাত মৃতদেহ উদ্ধাৰ। বৃহস্পতিবাৰে পুৱা পুতনি চাহ বাগিচাৰ পথৰ কাষত উদ্ধাৰ মৃতদেহটো

উদ্ধাৰ হোৱা মৃতদেহটো ৫ সন্তানৰ পিতৃ বিজয় শুক্লবৈদ্য (৫৮)ৰ বুলি চিনাক্ত কৰা হৈছে।

মৃত বিজয় শুক্লবৈদ্য পুতনি বাগিচাৰ ৩ নম্বৰ ৱাৰ্ডৰ ৪ নম্বৰ লাইনৰ বাসিন্দা আছিল। তেওঁ পেছাত এজন দিনমজুৰ আছিল। নিজ বাসগৃহৰ পৰা প্ৰায় ৪০০ মিটাৰ দূৰত তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হয়। মৃতদেহত বিশেষকৈ মূৰ আৰু হাতত গভীৰ আঘাতৰ চিন দেখা পোৱা গৈছে।

প্ৰাথমিকভাৱে আৰক্ষীয়ে এয়া পূৰ্ব পৰিকল্পিত হত্যাকাণ্ড হ’ব পাৰে বুলি সন্দেহ কৰিছে।

বুধবাৰে নিশা কোনো দুৰ্বৃত্তই পূৰ্বৰ শত্ৰুতাৰ বাবে তেওঁক হত্যা কৰি মৃতদেহ চাহ বাগিচাৰ ভিতৰত পেলাই থোৱাৰ সন্দেহ কৰা হৈছে।

ঘটনাৰ খবৰ পোৱাৰ পিছতে বৃহস্পতিবাৰে পুৱা ফৰেনচিক দলক লগত লৈ আৰক্ষী আৰু দণ্ডাধীশ ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। আৰক্ষীয়ে প্ৰাথমিক তদন্তৰ অন্তত মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণৰ ব্যৱস্থা কৰে।

এই ঘটনাৰ সৈতে জড়িত লোকসকলক চিনাক্ত কৰি কঠোৰ শাস্তি প্ৰদান কৰাৰ লগতে মৃতকৰ পৰিয়ালক চৰকাৰী সহায় আগবঢ়োৱাৰ দাবী জনাই স্থানীয় ৰাইজে জিলা আয়ুক্ত আৰু সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী কৃষ্ণেন্দু পালৰ হস্তক্ষেপ বিচাৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *