অসম দুৰ্নীতি নিবাৰক শাখাৰ বৃহৎ সফলতা।
জালত পৰিল এচিএছ (ACS) বিষয়াকে ধৰি মীন উন্নয়ন নিগমৰ ৭ গৰাকী প্ৰাক্তন বিষয়া-কৰ্মচাৰী!
গুৱাহাটীৰ কাহিলীপাৰাৰ পৰা গ্ৰেপ্তাৰ মীন উন্নয়ন নিগমৰ প্ৰাক্তন পৰিচালন সঞ্চালক (MD) অনুৰাধা অধিকাৰী শৰ্মা।
অসম মীন উন্নয়ন নিগমৰ (AFDCL) চৰকাৰী ধন আত্মসাতৰ গোচৰত এই বৃহৎ অভিযান।
গুৱাহাটী, বেলশৰ, গৌৰীপুৰ আৰু ৰাহাৰ একাধিক স্থানত চলিল দুৰ্নীতি নিবাৰক শাখাৰ তালাচী।
স্থানীয় আৰক্ষীৰ সহযোগত Vigilance & Anti-Corruption শাখাই চলাইছে এই অভিযান।
ACB P.S. Case No. 30/2023 নম্বৰৰ গোচৰৰ ভিত্তিত এই গ্ৰেপ্তাৰ।
ধৃত অনুৰাধা অধিকাৰী শৰ্মা, ACS (প্ৰাক্তন MD.
জ্যোতিষ শইকীয়া (প্ৰাক্তন কাৰ্যবাহী অভিযন্তা),
বিৰিঞ্চি অধিকাৰী (প্ৰাক্তন কাৰ্যবাহী অভিযন্তা),
জ্যোতি প্ৰসাদ শইকীয়া (প্ৰাক্তন সহকাৰী কাৰ্যবাহী অভিযন্তা),
চবুৰুদ্দিন আহমেদ (প্ৰাক্তন সহকাৰী অভিযন্তা),
ভগীৰথ দাস (প্ৰাক্তন প্ৰকল্প প্ৰবন্ধক),
ৰবীন্দ্ৰ নাৰায়ণ ডেকা (প্ৰাক্তন সহকাৰী কাৰিকৰী বিষয়া)
ধৃত বিষয়া-কৰ্মচাৰী কেইজনক বৰ্তমান জেৰা চলাই থকা হৈছে, অব্যাহত আছে পৰৱৰ্তী আইনী প্ৰক্ৰিয়া।