কামাখ্যা ৰে’ল ষ্টেচনত বিদ্যুৎস্পৃষ্ট গুৰুতৰভাৱে আহত ২ কৰ্মচাৰী

কামাখ্যা ৰে’ল ষ্টেচনত বিদ্যুৎস্পৃষ্ট গুৰুতৰভাৱে আহত ২ কৰ্মচাৰী৷

মহানগৰীৰ মালিগাঁৱৰ কামাখ্যা ৰে’ল ষ্টেচনত অঘটন৷ বিদ্যুৎস্পৃষ্ট গুৰুতৰভাৱে আহত ২ কৰ্মচাৰী৷

ৰে’ল লাইনৰ ওপৰত থকা ২৫ হাজাৰ ভল্ট বিদ্যুৎ পৰিবাহী তাঁৰত মেৰামতিৰ কাম কৰি থকা অৱস্থাতে বিদ্যুৎস্পৃষ্ট হয় কৰ্মচাৰী দুজন৷ সংকটজনক অৱস্থাত কৰ্মচাৰী দুজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷

সন্দেহ কৰা মতে কৰ্মচাৰী দুজনে বিদ্যুৎ পৰিবাহী তাঁৰত মেৰামতিৰ কাম কৰি থকা অৱস্থাতেো কোনোৱে বিদ্যুৎ সংযোগ আৰম্ভ কৰাত এই ঘটনাটি সংঘটিত হয়৷ আহত কৰ্মচাৰী দুজন বিকাশ চৌহান আৰু আব্দুল মোল্লা বুলি জানিব পৰা গৈছে।

ইতিমধ্যে বিভাগীয় কৰ্তৃপক্ষই ঘটনা সন্দৰ্ভত তদন্ত ঘোষণা কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *