অসম দুৰ্নীতি নিবাৰক শাখাৰ বৃহৎ সফলতা;​জালত পৰিল ACS বিষয়াকে ধৰি মীন উন্নয়ন নিগমৰ ৭ গৰাকী প্ৰাক্তন বিষয়া-কৰ্মচাৰী!

অসম দুৰ্নীতি নিবাৰক শাখাৰ বৃহৎ সফলতা।

​জালত পৰিল এচিএছ (ACS) বিষয়াকে ধৰি মীন উন্নয়ন নিগমৰ ৭ গৰাকী প্ৰাক্তন বিষয়া-কৰ্মচাৰী!

গুৱাহাটীৰ কাহিলীপাৰাৰ পৰা গ্ৰেপ্তাৰ মীন উন্নয়ন নিগমৰ প্ৰাক্তন পৰিচালন সঞ্চালক (MD) অনুৰাধা অধিকাৰী শৰ্মা।

অসম মীন উন্নয়ন নিগমৰ (AFDCL) চৰকাৰী ধন আত্মসাতৰ গোচৰত এই বৃহৎ অভিযান।

​গুৱাহাটী, বেলশৰ, গৌৰীপুৰ আৰু ৰাহাৰ একাধিক স্থানত চলিল দুৰ্নীতি নিবাৰক শাখাৰ তালাচী।

​স্থানীয় আৰক্ষীৰ সহযোগত Vigilance & Anti-Corruption শাখাই চলাইছে এই অভিযান।

ACB P.S. Case No. 30/2023 নম্বৰৰ গোচৰৰ ভিত্তিত এই গ্ৰেপ্তাৰ।

ধৃত ​অনুৰাধা অধিকাৰী শৰ্মা, ACS (প্ৰাক্তন MD.

​জ্যোতিষ শইকীয়া (প্ৰাক্তন কাৰ্যবাহী অভিযন্তা),

​বিৰিঞ্চি অধিকাৰী (প্ৰাক্তন কাৰ্যবাহী অভিযন্তা),

​জ্যোতি প্ৰসাদ শইকীয়া (প্ৰাক্তন সহকাৰী কাৰ্যবাহী অভিযন্তা),

​চবুৰুদ্দিন আহমেদ (প্ৰাক্তন সহকাৰী অভিযন্তা),

​ভগীৰথ দাস (প্ৰাক্তন প্ৰকল্প প্ৰবন্ধক),

​ৰবীন্দ্ৰ নাৰায়ণ ডেকা (প্ৰাক্তন সহকাৰী কাৰিকৰী বিষয়া)

ধৃত বিষয়া-কৰ্মচাৰী কেইজনক বৰ্তমান জেৰা চলাই থকা হৈছে, অব্যাহত আছে পৰৱৰ্তী আইনী প্ৰক্ৰিয়া।

Leave a Reply

Your email address will not be published. Required fields are marked *