সামাজিক মাধ্যমত গৰিমা শইকীয়া গাৰ্গৰ প’ষ্ট

মঙলবাৰে প্ৰাণৰ শিল্পীগৰাকীৰ পত্নী গৰিমা শইকীয়া গাৰ্গে পুনৰ সামাজিক মাধ্যমত কৰে এক বিশেষ প’ষ্ট।

সামাজিক মাধ্যমত গৰিমা শইকীয়া গাৰ্গে লিখে- ‘ন্যায়ৰ যুদ্ধখনত সত্যৰে জয় হ’ব! প্ৰতিজন অসমীয়াৰ প্ৰাৰ্থনা আৰু ভগৱানৰ আশীৰ্বাদ আছে আমাৰ প্ৰাণৰ মানুহজনৰ বাবে! আমাৰ আস্থা সদায় অক্ষুণ্ণ আছে আমাৰ দক্ষ আৰু সাহসী যুঁজাৰু অধিবক্তাসকল, দেশৰ ন্যায় ব্যৱস্থা, আইনী প্ৰক্ৰিয়াৰ ওপৰত। জুবিন গাৰ্গৰ ন্যায় আৰু বিজয় মানে সমগ্ৰ অসমীয়া সত্ত্বাৰ বিজয়।’

উল্লেখ্য যে, মঙলবাৰে ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ অভিযুক্তৰ বিৰুদ্ধে চাৰ্জ ফ্ৰেম কৰিলে আদালতে। ৮ জুন, ২০২৬ৰপৰা আৰম্ভ হ’ব সাক্ষ্যগ্ৰহণ প্ৰক্ৰিয়া।এই কথা জনালে জ্যেষ্ঠ অধিবক্তা জিয়াউৰ কামাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *